বাঁহী

কাৰ দুওঁঠ , লিহিৰি  আঁঙুলিৰ  ফাঁকেৰে 

বৈ যায় নিৰ্জনতাৰ মসৃণ নদী

আৰ্দ্ৰ হৈ উঠে মাজনিশা  

জঠৰতা ভাঙি

সোধাতো নাযায় কোন সেই সুৰকাৰ 

মই জানো  শুকান পাতৰো থাকে ৰূঁপকথাৰ বাঁহী

“এই নদীৰ সিপাৰে কোনো নদী নাই “,

তয়েই মোক ক’লি ,বাঁহী , তইহে মোৰ কলিজাত শিপালি ।

Spread the love